Show/Hide Keyboard Layout

মনৰ মৰম যদি হ’লহেঁতেন

- নিৰ্মলপ্ৰভা বৰদলৈ

মনৰ মৰম যদি হ’লহেঁতেন নদী

উটাই তোমাক নিলোহেঁতেন

বাধাৰ দুকুল ভাঙি ।

 

ফুল যদি হ’লহেঁতেন

মনৰ সপোনখিনি

মনৰ মৰম যদি

সিচি সিচি দিলোহেঁতেন

তোমাৰ পথত আনি ।

 

জীৱনৰে শেতা পাতত

মৰম এধান ৰং

দুদিনীয়া পলাশ ফুলা

ফাগুনৰে বন ।

 

ভাষাৰে নোৱাৰি ক’ব

নীৰৱ কথাখিনি

উটাই তোমাক নিলোহেঁতেন

বাধাৰ দুকুল ভাঙি ।

Hits: 2124